সাতপুখুৰী পানী শোধন কেন্দ্ৰত গুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰিদৰ্শন

131

বিকল হোৱা পানীৰ পাম্প মেৰামতিৰ বাবে মেছাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল ছিষ্টেম এল এল পি অভিযন্তা উপস্থিত

ষ্টাফৰিপৰ্টাৰ, ১৩ জুন : মহানগৰীৰ সাতপুখুৰী পানী কেন্দ্ৰত বিগত কিছু দিনৰ পৰা পানীৰ পাম্প বিকল হোৱাৰ বাবে বৃহত্তৰ অঞ্চলবাসীয়ে এটুপি খোৱাপানীৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছিল ৷এই ক্ষেত্ৰত স্থানীয় ৰাইজে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত লগতে বিভাগীয় মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক স্মাৰক পত্ৰ দিয়ে ৷ৰাইজৰ অভিযোগ গুৰুত্ব সহকাৰে লৈ গুৱাহাটী পৌৰনিগমে তাৎক্ষণিক ব্যৱস্থা গ্ৰহনৰ পদক্ষেপ গ্ৰহণ কৰে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত মহাৰাষ্ট্ৰৰ পুনেৰ যন্ৰ নিৰ্মাণ কাৰী সংস্থা এটাৰ সৈতে বুজাবুজি মৰ্মে মেছাৰ্ছ
ইণ্ডাষ্ট্ৰিয়েল ছিষ্টেম এল এল পি নামৰ প্ৰতিষ্ঠানটোৱে সামগ্ৰী সমুহ যোগান ধৰিছিল ৷ প্ৰতিষ্ঠানটোৰ লগত সামগ্ৰী সমুহৰ এবছৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ মেৰামতি কৰাৰ চুক্তি বদ্ধ হৈছিল ৷ বিগত সময় ছোৱাত কৰ’না মহামাৰীৰ ব্যাপক ৰূপ ধাৰণ কৰাৰ বাবে পুনেৰ পৰা প্ৰতিষ্ঠানটোৰ অভিযন্তা সকল অসমলৈ অহাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷সেইবাবেই পাম্প কেইটা মেৰামতিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল গুৱাহাটী পৌৰনিগম কৰ্তৃপক্ষই ৷ অৱশেষত পুনেৰ নিৰ্মাণ কাৰী সংস্থাটোৰ অভিযন্তাৰ এটি দল গুৱাহাটীত উপস্থিত হয় ৷ গুৱাহাটীত উপস্থিত হোৱা অভিযন্তাৰ দলটোৱে হোমকোৱাৰিইন্টিনত থকাৰ পিছত শনিবাৰে মহানগৰীত শিলপুখুৰী অঞ্চলৰ সাত পুখুৰী পানী কেন্দ্ৰত উপস্থিত হয় ৷ বিকল হোৱা পানীৰ পাম্প সমুহ তন্ন’ তন্নকৈ পৰীক্ষা কৰে অভিযন্তাৰ দলটোৱে ৷ ইফালেগুৱাহাটী উন্নয়ন মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, অধীক্ষক অভিযন্তা মনোৰঞ্জন ভৰালী আৰু অভিযন্তা হেমন্ত কলিতাই পানী কল কেন্দ্ৰত উপস্থিত হৈ পৰ্য্যাবেক্ষন কৰে ৷ এই ক্ষেত্ৰত মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জনাবলৈ দিয়ে পানীৰ পাম্প যোগান ধৰা প্ৰতিষ্ঠানটোৰ অভিযন্তা সকলে ইতিমধ্যে মেৰামতিৰ কাম হাতত লৈছে ৷ অতি সোনকালে মেচিন সমুহৰ মেৰামতি কাম সম্পূৰ্ণ হ’ব ৷অনতিপলমে বৃহত্তৰ অঞ্চলবাসী ৰাইজে নিয়মীত পানী লাভ কৰিব বুলি।