সাংসদ পদ খাৰিজৰ পিছত এইবাৰ মহুৱাই হেৰুৱাব পাৰে চৰকাৰী বাংলো!

256

সাংসদ পদ খাৰিজ হোৱাৰ পিছত এইবাৰ চৰকাৰী আৱাস গৃহ হেৰুৱাব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই। সূত্ৰ অনুসৰি তেওঁক কিছুদিনৰ ভিতৰত সাংসদ বাংলোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। জানিব পৰা মতে, লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিশেষ কোটাৰ অধীনত মহুৱাক সাংসদ বাংলো আবণ্টন কৰা হৈছিল। কিন্তু যোৱা সপ্তাহত সাংসদ পদ খাৰিজ হোৱাৰ পিছত তৃণমূলৰ নেত্ৰীগৰাকীয়ে হয়তো বাংলো খালী কৰিব লাগিব পাৰে।

সংসদত ধনৰ বিনিময়ত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত নৈতিকতা সমিতিৰ পৰামৰ্শ মতে তৃণমূলৰ মাহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। যোৱা শুকুৰবাৰে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে প্ৰাক্তন সাংসদগৰাকীয়ে। কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে শীঘ্ৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।

সূত্ৰৰ পৰা জানিব পৰা মতে, তৃণমূলৰ সাংসদগৰাকীক বহিষ্কাৰ কৰা তদন্ত প্ৰক্ৰিয়াক লৈ মাহুৱাই প্ৰশ্ন উত্থাপন কৰিছে। ১৫ পৃষ্ঠাৰ এই প্ৰতিবেদনত মহুৱাই জেৰাৰ নামত মাতি কেনেকৈ হাৰাশাস্তি কৰা হৈছিল সেই কথাও উল্লেখ কৰি ব্যক্তিগত প্ৰশ্ন কৰে। যথাযথ প্ৰক্ৰিয়া বাইপাছ কৰি লোকসভাৰ সংখ্যাগৰিষ্ঠৰ ইচ্ছামতে তেওঁৰ সাংসদ পদ অপসাৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে মহুৱাই।

ধন বিনিময়ৰ প্ৰশ্নৰ অভিযোগত কৃষ্ণনগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাক লোকসভাৰ পৰা বহিষ্কাৰ কৰাটো যুক্তিসংগত নেকি বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। লোকসভাৰ প্ৰাক্তন সচিব পিডিটি আচাৰ্যইও এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। নৈতিকতা সমিতিক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।