সাংসদ নৱ কুমাৰ শৰণীয়ালৈ TMCৰ প্ৰস্তাৱ…

91

গুৱাহাটীঃ অসম আৰু ত্ৰিপুৰাত সাংগঠনিক ভেটি সুদৃঢ় কৰাত তৎপৰ হৈ পৰিছে মমতা বেনাৰ্জী নেতৃ্ত্বাধীন তৃণমূল কংগ্ৰেছ। ২০২১ৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগত পুনৰ এবাৰ বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত এইবাৰ ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে দলটোৱে। এনে এক পৰিপ্ৰেক্ষিততে অসমত তৃণমূলৰ ভেটি সুদৃঢ় কৰাত নামি পৰিছে মমতা বাহিনী।

কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে দলটোৰ নেতৃত্বই। সংবাদমাধ্যমৰ সন্মুখত এই কথা স্বীকাৰ কৰিছে খোদ সাংসদগৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত তেওঁ এতিয়াও কোনো চিন্তা কৰা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ পৰা তেওঁৰ যোগদান সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কিছু সময় বিচৰা বুলি কয় সাংসদ নৱ কুমাৰ শৰণীয়াই।