ষ্টাফৰিপৰ্টাৰ, ১০ জুন :: কেন্দ্ৰীয় চৰকাৰে প্ৰচলিত বিদ্যুৎ আইন, ২০০৩ ৰ সংশোধনী ঘটাই আইন কৰিব বিচৰা কার্যৰ তীব্ৰ বিৰোধীতা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে সাংসদ গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰি কয় ” কেন্দ্ৰীয় চৰকাৰে
প্ৰচলিত বিদ্যুৎ আইন, ২০০৩ ৰ সংশোধনী ঘটাই বিদ্যুৎ শক্তিক সৰ্বসাধাৰণ ৰাইজে ঢুকি পাব নোৱাৰা এটা দুৰ্লভ সেৱাত পৰিণত কৰিবলৈ সকলো যো-জা সম্পূৰ্ণ কৰি তুলিছে। এই প্ৰস্তাৱিত সংশোধনিয়ে অৰ্থাৎ বিদ্যুৎ (সংশোধনী) বিধেয়ক সংসদত গৃহীত হৈ আইনত পৰিণত হ’লেই ই সাধাৰণ জনতাৰ পৰিপন্থী আৰু বিদ্যুৎ খণ্ডৰ ৰাজহুৱা চৰিত্ৰৰ প্ৰতি এক চৰম ভাবুকি হৈ দেখা দিব। জনগণৰ স্বাৰ্থবিৰোধী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনালোঁ। ইতিমধ্যে মই চলিত মাহৰ ৮ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিং আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ সুকীয়া সুকীয়া দুখন স্মাৰক পত্ৰ যোগে এই দাবী উত্থাপন কৰিছোঁ। বি জে পি নেতৃত্বাধীন চৰকাৰৰ এনে বিপদকামী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা সময় আহি পৰিছে। বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ৰ এই কাৰণে বিৰোধিতা কৰা উচিত কিয়নো দেশৰ সংবিধান অনুসৰিয়ে শক্তি খণ্ডটো ” উমৈহতীয়া” এটা বিষয় য’ত ৰাজ্য চৰকাৰ সমূহৰ কৰ্তৃত্ব প্ৰায় শূন্য কৰি পেলাব। এই সংশোধনী সংবিধান-বিৰোধী। এই নতুন আইন বলৱৎ হ’লে বিদ্যুৎ মাচুলৰ সাৰ্বজনীন ৰাজসাহাৰ্য ব্যৱস্থাৰ বিলুপ্তি ঘটিব। বিদ্যুৎ মাচুল অত্যাধিক হাৰত বৃদ্ধি পাব। সাধাৰণ বিদ্যুৎ গ্ৰাহকে জীয়াতু ভুগিব। এই আইন হলে বিদ্যুৎ সেৱা ব্যক্তিগত বণিয়া প্ৰতিষ্ঠানৰ হাতলৈ হস্তান্তৰিত হ’ব। ব্যৱসায়ৰ নামত সৰ্বসাধাৰণ বিদ্যুৎ গ্ৰাহক বণিয়া গোষ্ঠীৰ হাতত বন্দী হ’বলৈ বাধ্য হ’ব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব নথকাৰ লগতে ৰাজহুৱা নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিব আৰু এই খণ্ডত ব্যক্তিগত একছেতীয়া কৰ্তৃত্ব সাব্যস্ত হ’ব। বিদ্যুৎ সেৱাৰ সৈতে জড়িত আৰ্থ-সামাজিক বিষয়বোৰ গুৰুত্বহীন হৈ পৰিব আৰু তাৰ ঠাইত বজাৰ নিয়ন্ত্ৰিত ব্যৱস্থা গঢ় লৈ উঠিব। তদুপৰি বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰতে তিনি খলপীয়া ব্যৱসায়ৰ দিহা কৰা হৈছে। বিতৰণ লাইচেন্সী, বিতৰণ চাব-লাইচেন্সী আৰু ফ্ৰেঞ্ছাইজী। অতি আশ্চৰ্য জনকভাৱে বিদ্যুৎ বিতৰণৰ দৰে গুৰুতৰ সেৱাত জড়িত কৰিব বিচৰা ফ্ৰেঞ্ছাইজীৰ বাবে কোনো ধৰণৰ অনুজ্ঞাপত্ৰৰে প্ৰয়োজন নাথাকিব। অৰ্থাৎ মানুহৰ জীৱন-মৃত্যুৰ প্ৰশ্ন জড়িত হৈ থকা এটা গুৰুত্বপূৰ্ণ খণ্ডত বিনা অনুজ্ঞাপত্ৰৰে বেপাৰীয়ে বিদ্যুৎ বিতৰণৰ দৰে স্পৰ্শকাতৰ খণ্ডত কাম কৰিব পাৰিব। উল্লেখ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আদি চহৰত ইতিপূৰ্বেই এই বিদ্যুৎ বিতৰণত ফ্ৰেঞ্ছাইজী ব্যৱস্থা প্ৰৱৰ্তন কৰি জোলোকা জোলোকে পানী খোৱাৰ নজীৰ আছে। উপায়হীন হৈ সেইবোৰ পুনৰ চৰকাৰে নিজৰ হাতলৈ আনিবলৈ বাধ্য হৈ পৰিছিল। এই নতুন সংশোধনীৰ দ্বাৰা ইলেক্ট্রিচিটি কন্ট্ৰেক এনফৰ্চমেণ্ট অথৰীতি গঠন কৰিবলৈ বিচৰা হৈছে যাৰ একমাত্ৰ উদ্দেশ্যই হ’ব বিদ্যুৎ খণ্ডৰ ব্যক্তিগত ব্যৱসায়ীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা। একেদৰে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ সদস্য কোন হ’ব সেয়াও নিৰ্ধাৰণ কৰি দিব প্ৰস্তাৱিত কেন্দ্ৰীয় নিৰ্বাচক সমিতিয়ে। এই নতুন সংশোধনী অনুযায়ী বিদ্যুতৰ উৎপাদন ব্যয় অনুসৰি বিদ্যুতৰ নিৰিখ নিৰ্ধাৰণ কৰা হ’ব যাতে ৰাইজে পাই থকা ৰাজসহাৰ্য কৰ্তন কৰিব পৰা যায়। এই সংশোধনীৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব কৃষক সকল। নতুন আইন ব্যৱস্থা অনুসৰি মাটিৰ মালিকসকলেহে ৰাজসাহাৰ্যৰ দাবীদাৰ হ’ব পাৰিব। কৃষি শ্ৰমকি, ভূমিহীন কৃষক, আধিয়াৰ কৃষক আদি দাবীদাৰ হ’ব নোৱাৰিব। খেতিপথাৰত বিদ্যুৎ চালিত পাম্পছে’ট লগাই জলসিঞ্চনৰ ব্যৱস্থা কৰাটো এতিয়া কৃষকৰ বাবে সপোন হৈ পৰিব। এই চৰকাৰে ফেচিষ্ট মনোভাৱ প্ৰদৰ্শন কৰিছে। এই চৰকাৰ খনে কেৱল পুঁজিপতি ৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যস্ত থাকে।গতিকে গণবিৰোধী এই বিধেয়ক প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনালোঁ।” সংবাদ মেল যোগে এ এছ ই বি ৰ এমপ্লীজ ইঞ্জিনীয়াৰ্ছ আৰু পেঞ্চনাৰ্ছ এছ’চিয়েচনৰ যুটীয়া আহ্বায়ক দীপক সাহা আৰু এ এছ ই বি অভিযন্তা সন্থাৰ সভাপতি বিক্ৰমাদিত্য দাসে এই বিধায়েকৰ বিৰোধিতা কৰিবলৈ ৰাইজ, বিৰোধী দল, জাতীয় দল সংগঠন আদিৰ সহযোগিতা বিচাৰিছে। আমি সৰ্বভাৰতীয় পৰ্যায়ত ইয়াৰ বিৰোধীতা কৰি যাম প্ৰয়োজন হ’লে ন্যায়ালয়লৰ দাৰস্থ হ’বলৈ বাধ্য হ’ম।”
