সাংবাদিক – সংবাদকৰ্মীকো চৰকাৰ, সদাশয় লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জাৰ্নেলিষ্ট এচচিয়েছন ফৰ অসম ( জাফা ) আৰু দিছপুৰ প্ৰেছ ক্লাৱৰ – –

87

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল :: সাংবাদিক – সংবাদকৰ্মীকো চৰকাৰে, সদাশয় লোকে আগবঢ়াওক সহায়ৰ হাত।এক বিবৃতি যোগে এই আহ্বান জনাইছে
জাৰ্নেলিষ্ট এচচিয়েছন ফৰ অসম ( জাফা ) আৰু দিছপুৰ প্ৰেছ ক্লাৱে। এক বিবৃতি যোগে জাৰ্নেলিষ্ট এচচিয়েছন ফৰ অসম ( জাফা ) আৰু দিছপুৰ প্ৰেছ ক্লাৱে কয় ” সমাজৰ অত্যন্দ্ৰ নিৰ্ভীক প্ৰহৰী স্বৰূপ সাংবাদিক – সংবাদকৰ্মী সকলে প্ৰতিটো দুৰ্যোগৰ সময়তে সকলো ঘাত – প্ৰতিঘাত নেওচি নিজৰ দায়িত্ব কৰ্তব্য সম্পাদন কৰি অহাৰ কাহিনী সৰ্বজনবিদীত । ব্যতিক্ৰম হোৱা নাই এইবাৰো । মহামাৰী কৰ’না ভাইৰাছে সমগ্ৰ দেশৰ লগতে অসমতো সৃষ্টি কৰা আতংকময় পৰিবেশ,পৰিস্থিতি স্বত্বেও সাংবাদিক -সংবাদকৰ্মী সকলেও চিকিৎসক সকলকে ধৰি জৰুৰী সেৱাত জড়িত অন্যান্য সকলৰ লেখিয়াকৈ নিজৰ জীৱনক তুচ্ছ কৰি নিষ্ঠা সততাৰে নিজৰ দায়িত্ব পালন কৰি আহিছে।
সাংবাদিক – সংবাদকৰ্মী সকলৰ দায়িত্বনিষ্ঠাৰ বাবেই চৰকাৰৰ কৰ’না ভাইৰাছ বিৰোধী যূঁজখনে এক গতি লাভ কৰিবলৈ সক্ষম হৈছে।
চৰকাৰৰ বিভিন্ন নীতি – নিৰ্দেশনা , আঁচনি আদি প্ৰচাৰ আৰু প্ৰসাৰত সাংবাদিক সকলেই লৈ আহিছে গুৰুত্বপূৰ্ণ ভুমিকা ।
ৰাইজেও লকডাউনৰ এই সময়ছোৱাত ঘৰতে বহি লাভ কৰি আছে গুৰুত্বপূৰ্ণ বা- বাতৰি, চৰকাৰী নীতি- নিৰ্দেশনা আদি ।
অকল সেয়াই নহ’য় লকডাউনৰ সময়ছোৱাত দুৰ্গতজনৰ কাষত থিয় হৈ সাংবাদিক সকলেও আগবঢ়াইছে পাৰ্যমানে সহায়ৰ হাত ।কভিদ-১৯ মহামাৰীৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ উদেশ্যে চৰকাৰে আহ্বান দিয়া ২১ দিনীয়া ল’ক ডাউনত ক্ষতিগ্ৰস্ত দিন হাজিৰা কৰা শ্ৰমিক , কৃষক দুখীয়া ৰাইজক চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন , অনুষ্ঠান – প্ৰতিষ্ঠানৰ উপৰি ব্যক্তি বিশেষে খাদ্য -সামগ্ৰী যোগানকে ধৰি বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে । বিপদৰ দিনত মানুহক সহায় কৰাটোৱেই মানৱ সেৱাৰ মূল মন্ত্ৰ ।এই খিনিতে সংশ্লিষ্ট সকলোলৈ আমাৰ অনুৰোধ – সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত আপোনালোকে এবাৰ দুখীয়া সাংবাদিক – সংবাদকৰ্মী সকলৰো কথা এবাৰ ভাবিব ।
বহুতৰে মনত এটা ভুল ধাৰণা আছে – সাংবাদিক মানেই ধনী অথবা প্ৰভাৱশালী ব্যক্তি । আপুনি ভবাৰ দৰে কিন্তু
সকলো সাংবাদিকে ধনী নহয় । অসমৰ মুঠ সাংবাদিকৰ প্ৰায় ১০ শতাংশ সাংবাদিকহে ধনী শ্ৰেনীৰ শাৰীত পৰে । তেওঁলোক কেনেকৈ ধনী হৈছে সেয়া অন্য এক অধ্যায় 
অসমৰ মুঠ সাংবাদিকৰ ৯০ শতাংশই কোনোমতে পেটে ভাতে খাই জীয়াই আছে । এই সকলৰ অৱস্থা দিন হাজিৰা কৰা শ্ৰমিকতকৈ কোনোগুণে কম নহ’য় । ল’ক ডাউনৰ সময়ছোৱাত এই সকল সাংবাদিক আৰু তেওলোকৰ পৰিয়ালৰ কি অৱস্থা হ’ব পাৰে ।
শুনি হয়তো আচৰিত হ’ব গুৱাহাটী মহানগৰীত কৰ্মৰত মুঠ সাংবাদিকৰ প্ৰায় ৭০ শতাংশ সাংবাদিকৰে মাহিলী দৰমহা ৫ হেজাৰৰ পৰা ১০ বা ১২ হেজাৰ টকা । এই মাননীখিনিও এই সকল সাংবাদিকে সময় মতে লাভ নকৰে । গ্ৰামাঞ্চলৰ মফচলীয় সাংবাদিক আৰু কিছুমান ৱেৱ পৰ্টেলৰ সাংবাদিকৰ কথা বাদেই দিলো । 
এতিয়া ভাবকচোন ল’ক ডাউনৰ সময়ছোৱাত এই সকল সাংবাদিকো ক্ষতিগ্ৰস্ত হোৱা নাইনে ?
কিন্তু আমাৰ এই সকল সাংবাদিকক কোনোবাই সহায়ৰ হাত আগবঢ়াইছে জানো ?
কাৰো পৰা সহায় নাপালেও এই সকল সাংবাদিকে পেটত গাঁঠি মাৰি হ’লেও নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাবলৈ অংগীকাৰবদ্ধ ।
লাজ -ভয় -শংকাত বহুতে মুখ খুলিব নিবিচাৰিলেও এয়াই প্ৰকৃত সত্য । সমাজৰ শোষণ – বঞ্চনাৰ বাতৰি লিখা সাংবাদিক সকলেই আজিৰ দিনতো প্ৰতি খোজতে শোষিত আৰু বঞ্চিত ।
সেয়ে চৰকাৰ আৰু ৰাইজক আমাৰ অনুৰোধ দেশৰ এই দুৰ্যোগৰ দিনত এই দুখীয়া সাংবাদিক – সংবাদকৰ্মী সকলৰ কথাও আপোনালোকে এবাৰ ভাবিব । উল্লেখযোগ্য যে কেৰলা চৰকাৰে ইতিমধ্যে সকলো সাংবাদিককে ৩০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিছে৷