সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক লৈ চাঞ্চল্য, দুৰ্ঘটনা সংঘটিত কৰা চালক-হেণ্ডিমেনক গ্ৰেপ্তাৰ

54

গুৱাহাটীঃ নিয়মতি ভাৱে কয়লাৰ চোৰাং ব্যৱসায় তথা কয়লা খননৰ বিৰুদ্ধে বাতৰি কৰি একাংশ লোকৰ দাতৰ কূটা-চকুৰ হুল হৈ পৰা তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূ্ঞা ৰহস্যজনক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

বিজেপি নেত্ৰী দিপাঞ্জলী কাকতিয়ে আৰক্ষী থানাৰ ভিতৰতে উপ-পৰিদৰ্শকক আক্ৰমণ কৰাৰ অভিযোগৰ এটাৰ পিছত আন এটা বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল৷ ইমান খিনি বাতৰি প্ৰকাশ কৰি থকাৰ মাজতে ৰহস্যজনক ভাৱে হঠাতে এখন গাড়ীয়ে পথৰ দাতিত থিয় দি থকা তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক বুধবাৰে নিশা খুন্দিয়াই থৈ যোৱাৰ ফলত মৃত্যুক আকোৱালি লয় বৃহস্পতিবাৰে৷ কিন্তু ২৪ ঘণ্টাৰ পিছতো দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন কাকপথাৰ আৰক্ষীয়ে চালকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ লগতে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হোৱা নাছিল৷

আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হৈছিল ঘটনা৷ আৰক্ষী থানাৰ চিচিটিভিত গাড়ীৰ দৃশ্য আৱদ্ধ হোৱাৰ পিছতো ২৪ ঘণ্টাৰ পিছতহে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সাংবাদিকগৰাকীক খুন্দিয়াই থৈ যোৱা ট্ৰাকৰ চালক জেমছ মূৰাৰু, হেণ্ডিমেন বাবা বৰদলৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ চালক-হেণ্ডিমেনজনৰ ঘৰ জিলাখনৰ ডুমডুমাত৷ এছ-২৩-বিচি-৭৮৮১ নম্বৰৰ ট্ৰাকখন জব্দ কৰি তদন্ত অব্যাহত আছে৷

গুৱাহাটীস্থিত নিউজ চেনেল প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞা ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লোৱা কাৰ্যক সহজে লব পৰা নাই সাংবাদিক সমাজে৷ বুধবাৰে নিশা প্ৰায় ৮ বাজি ৩০ মিনিটত পথৰ থিয় থকাৰ সময়ত ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈছিল ভূঞা৷ নিশাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও নিশাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰা হয়৷

আদিত্য নাৰ্ছিং হোমত আজি পুৱা ৯ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে পৰাগ ভূঞাই৷ প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাই প্ৰতিদিন টাইমৰ লগতে অসমীয়া খবৰ কাকতৰ সাংবাদিক আছিল৷ পৰিকল্পিত হত্যাকাণ্ড নে সঁচাকৈ পথ দুৰ্ঘটনা আৰক্ষীৰ উচিত তদন্তৰ পিছতহে ওলাই পৰিব৷ সচেতন নাগৰিকে ঘটনাৰ উচিত তদন্তৰ দাবী কৰে৷