ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । কেবিনেটৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ।সলনি হ’ল কৰিমগঞ্জ জিলাৰ নাম । কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে । এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ।কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।