ডিজিটেল ডেস্কঃ ইতিহাসৰ পাতত ক’লা আখৰেৰে লিপিবদ্ধ এটা ক’লা দিন। সেই দিনটো আজি। ১২ বছৰ পূৰ্বে আজিৰ দিনটোৱেই এটা মচিব নোৱাৰা দাগ বহুৱাইছিল ৰাজ্যবাসীৰ বুকুত। সেয়া আছিল ২০০৮ চনৰ ৩০ অক্টোবৰ। দিপাৱলী উদযাপনৰ পিছত নিজ নিজ কৰ্মলৈ উভতিছিল সকলো। কিন্তু… কিন্তু সেই দিনটোৱেই যে অভিশাপ হৈ পৰিব, সেয়া কোনেও নাজানিছিল!
মহানগৰ কঁপাইছিল সেইদিনা বিস্ফোৰণৰ শব্দই। গণেশগুৰি, কাছাৰীৰ পিছত বিস্ফোৰণ সংঘটিত হৈছিল বৰপেটা, কোকৰাঝাৰতো। ক’লা ধোঁৱাই আৱৰিছিল আকাশ, নৈ বৈছিল তেজৰ। পোৰা দেহৰ দুৰ্গোন্ধ আৰু বাৰুদৰ গোন্ধে বতাহ বিষাক্ত কৰি তুলিছিল সেইদিনা। য’তে ত’তে সিঁচৰিত হৈ পৰি ৰৈছিল চিগা হাত, ভৰি, জোতা, মোনা, চাইকেল!
২০০৮ চনৰ ৩০ অক্টোবৰৰ ক’লা দিনটোত সমগ্ৰ ৰাজ্যত প্ৰাণ হেৰুৱাইছিল ৮১ জন লোক। চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল ৪৭০ জন লোক আৰু এটা মচিব নোৱাৰা দাগ বহুৱাইছিল কোটি কোটি মানুহৰ মনত।
আজিও সেই দিনটোৰ কথা মনত পৰিলে কঁপি উঠে বুকু। ক’ব নোৱাৰাকৈয়ে দুচকুৰ কোণত জিলিকি উঠে চকুপানী। এই ক’লা দিনটো কোনেও মনত পেলাব নিবিচিৰে, অথচ কোনেও পাহৰিও যাব নোৱাৰে।
ৰাজ্যজুৰি সংঘটিত বিস্ফোৰণকাণ্ডৰ তদন্ত চলিছিল। ৰঞ্জন দৈমাৰীসহ বহু কেইজনক দোষী সাব্যস্ত কৰিছিল আদালতে। কিন্তু ইতিহাসৰ পাতত ক’লা আখৰেৰে লিপিবদ্ধ হোৱা তেজে ধোঁৱা দিনটোৰ সেই দুঃস্মৃতি আজিও যেন সতেজ-সজীৱ!
আজি মহালক্ষ্মী পূজা। ধনৰ দেৱী লক্ষ্মীৰ আৰাধনাত আজি মুখৰিত চৌদিশ। কিন্তু তাৰ মাজতে আজিৰ দিনটোতে ৰাজ্যবাসীয়ে পুনৰ এবাৰ মনত পেলাইছে অভিশপ্ত দিনটোৰ কথা। পালন কৰিছে ক’লা দিৱস। সকলোৱে সেয়াই কামনা কৰে- উভতি নাহক আৰু তেনে দিন!
