উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিজৰ সম্বন্ধীয় ভাতৃক নিৰ্যাতন কৰাত বাধা দিয়াৰ বাবেই এজন দশম শ্ৰেণীৰ ছাত্ৰক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰে।
সোমবাৰে খেৰী থানা এলেকাত সংঘটিত হোৱা হত্যাকাণ্ডৰ পিছতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোৱে সাম্প্ৰদায়িক ৰং ল’বলৈ আৰম্ভ কৰাৰ লগে লগে অতিৰিক্ত আৰক্ষী বাহিনীক মাতি অনা হয়।
আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই পিটিআইক জনোৱা মতে, গাঁওবুঢ়া ইউছুফ আৰু বিদ্যালয়ৰ ছাত্ৰ মহছিনকে ধৰি পাঁচজন লোকক আটক কৰা হৈছে। ষ্টেচন হাউছৰ বিষয়া নবীন কুমাৰ সিং আৰু এজন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে এছ এইচ অ’ সিঙে জনোৱা মতে, পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, দশম শ্ৰেণীৰ ছাত্ৰজনে নিজৰ সম্বন্ধীয় ভাতৃক নিৰ্যাতন চলোৱাত বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে একাংশ যুৱকে আক্ৰমণ কৰে, যি সময়ত শিশু দুটা স্কুলৰ পৰা উভতি আহিছিল।
ল’ৰাজনক গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই মৃত ঘোষণা কৰে।
উপ আৰক্ষী আয়ুক্ত (যমুনা নগৰ) সন্তোষ কুমাৰ মীনাই অৱশ্যে বিদ্যালয়ত শিশুৰ মাজত কাজিয়া হোৱা বুলি কয়। শিক্ষকসকলে হস্তক্ষেপ কৰি তেওঁলোকক শান্ত কৰিছিল।
কিন্তু বিদ্যালয় এৰি যোৱাৰ পিছত বাটত কাজিয়া হৈছিল বুলিও তেওঁ লগতে কয়।
মীনাই কয় যে পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছত গোচৰ ৰুজু কৰা হৈছে। এফ আই আৰত ইউছুফ আৰু মহছিনৰ নাম উল্লেখ কৰা হৈছিল।
ঘটনাৰ পিছতে স্থানীয় লোকে কিছু সময় এটা পথ অৱৰোধ কৰি ৰাখিছিল যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
অঞ্চলটোত আইন-শৃংখলা বজাই ৰাখিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৃহৎ সংখ্যক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
