সমীৰ চৌধুৰীলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা

91

ঋতু পৰ্ণ শৰ্মা, নগাঁও: বিশিষ্ট আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হৈছে । প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিয়ে নগাঁৱত আজি এই কথা এই কথা প্ৰকাশ কৰিছে ।

ষ্মৰ্তব্য যে এসময়ত অসমৰ ফটো সাংবাদিকতাৰ জগতত বিশেষ স্থান লাভ কৰা সমীৰ চৌধুৰীৰ আলোকচিত্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । অসমৰ সংস্কৃতিৰ মূল আধাৰ স্বৰূপ জনজাতীয় কৃষ্টি সংস্কৃতিৰ বহু চিত্ৰ শিল্পী সমীৰ চৌধুৰীয়ে কেমেৰাত জীৱন্ত ৰূপত বন্দী কৰি ৰাখিছে ।

বৰেণ্য চিত্ৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে অসমৰ কেইবাগৰাকী সংস্কৃতিবান ব্যক্তিৰ উদ্যোগত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হয় ।পৰৱৰ্তী সময়ত সমিতিয়ে অমূল্য মান্নাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে একোগৰাকী আলোকচিত্ৰ শিল্পীক শিল্পী “অমূল্য মান্না আলোকচিত্ৰ বঁটা” প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

অহা ১৯ জানুৱাৰীত অসমৰ পুৰোধ্যা আলোকচিত্ৰ শিল্পী তথা চলচ্চিত্ৰ পৰিচালক অমূল্য মান্নাৰ মৃত্যু দিন । সেইদিনা নগাঁৱৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী “কল্লোল”ত বিয়লি ৩ বজাত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব ।

মহামাৰী ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি বঁটা প্ৰদান অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব বুলি সমিতিয়ে জনাইছে । ২০২১বৰ্ষত প্ৰথমবাৰৰ বাবে বিশিষ্ট আলোকচিত্ৰ শিল্পী তেজপুৰৰ নলিনী বৰুৱাক এই বঁটা প্ৰদান কৰা হৈছিল ।