সমাগত বিহাৰ বিধানসভা নিৰ্বাচনঃ প্ৰস্তুতিৰ বুজ ল’বলৈ পাটনাত উপস্থিত নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা

64

ডিজিটেল ডেস্কঃ অহা ২৮ অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩ নৱেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১০ নৱেম্বৰত। দেশৰ নিৰ্বাচনী আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে কোৰোনা মহামাৰীৰ আতংককো উপেক্ষা কৰি এতিয়া তুংগত উঠিছে ৰাজ্যখনৰ ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ।

ইফালে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বিহাৰত উপস্থিত হয় দেশৰ নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ লগতে নিৰ্বাচন আয়োগৰ এটা দল। সুনীল আৰোৰাসহ দলটো সন্ধিয়া পাটনা বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে বিহাৰ চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা প্ৰশাসনিক বিষয়াই আৰোৰাক আদৰণি জনায়। জানিব পৰা মতে, সুনীল আৰোৰা আৰু নিৰ্বাচন আয়োগৰ দলটোৱে কালি বিহাৰ নিৰ্বাচন আয়োগৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ ল’ব।