সমাগত বিধানসভা নিৰ্বাচনঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাকিব আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কংগ্ৰেছৰ

79

ডিজিটেলে ডেস্কঃ দেশৰ কোৰোনা স্থিতিৰ মাজতে বিহাৰত তুংগত উঠিছে বিধানসভা নিৰ্বাচনৰ তৎপৰতা। নিৰ্বাচনৰ এই ধামখুমিয়াৰ মাজতে খবৰ আহিছে যে কংগ্ৰেছৰ পৰা নিলম্বন হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাকিল আহমেদক পুনৰ দলৰ মাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। অৰ্থাৎ বিহাৰৰ জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে থকা দলীয় নিলম্বন বাতিল কৰি বিহাৰত কংগ্ৰেছ দলৰ স্থিতি শক্তিশালী কৰি তোলাৰ চেষ্টা চলাইছে কংগ্ৰেছে।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বিহাৰত ইউপিএ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শ্বাকিল আহমেদে। লোকসভা নিৰ্বাচনত শ্বাকিল আহমেদে মুখ থেকেচা খাবলগা হোৱাৰ উপৰিও দলৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ অপৰাধত কংগ্ৰেছে আহমেদক দলৰ পৰা নিলম্বন কৰিছিল।