সমষ্টিত তৎপৰ অখিল গগৈ, পুৱাৰে পৰা পৰিদৰ্শন দল-দেৱালয়

82

বন্দীত্বৰ অৱসানৰ পিছতে সমষ্টিৰ উন্নয়নত তৎপৰ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। শুকুৰবাৰে শিৱসাগৰ সমষ্টিত উপস্থিত হোৱাৰ পিছতে বিধায়কগৰাকীয়ে আজি পুৱাই সমষ্টিটোৰ কেইবাটাও ঐতিহাসিক ক্ষেত্ৰ পৰিদৰ্শন কৰে।

শিৱসাগৰৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰি অখিল গগৈয়ে আজি পুৱা শিৱসাগৰৰ ঐতিহাসিক দল-দেৱালয়, দলং, পুখুৰী আদি পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে শিৱসাগৰ পুখুৰী, বিষ্ণুদল, যমুনা নদী, আৱৰ্ত ভৱন, দিখৌ নদীৰ ওপৰৰ ওলমা দলং, জয়সাগৰ পুখুৰী, স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, ঘনশ্যাম দল, দেৱী দল, ফাকুৱা দল, হৰগৌৰী দৌল, তলাতল ঘৰ, গোলাঘৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়।

উল্লেখযোগ্য যে, বিধায়ক অখিল গগৈয়ে কিছুদিন শিৱসাগৰতে থাকি সমষ্টিটোৰ প্ৰতিখন গাঁওলৈ গৈ অঞ্চলসমূহৰ সমস্যাবোৰৰ বুজ ল’ব বুলি জানিবলৈ দিছে।