সন্মুখত স্বাধীনতা দিৱস! তাৰ পূৰ্বে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-গুলী-বাৰুদ উদ্ধাৰক লৈ ভয়াৰ্ত পৰিৱেশ

79

কোকৰাঝাৰঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত পানীজানি দ্বিতীয়খণ্ডত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-গুলী-বাৰুদ উদ্ধাৰ হোৱা ঘটনাত সমগ্ৰ অঞ্চলটোত এক ভয়াৰ্ত পৰিৱেশে বিৰাজ কৰিছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি তুলসীবিল এলেকাৰ পানীজানি দ্বিতীয়খণ্ডৰ জংঘল এলেকাত পুৱা অভিযান চলোৱা হয়। উক্ত অভিযানত অভিযানকাৰী দলটোৱে পুতি থোৱা অৱস্থাৰ পৰা একে ৫৬ ৰাইফল দুটা, মেগজিন তিনিটা, ৩৬ নম্বৰৰ এইছই গ্ৰেণেড দুটা, ২১১ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভাৰ নেৰ্তৃত্বত আৰু তুলসীবিল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতিম বিশ্বাস আৰু টাউন উপ পৰিদৰ্শক লাটুক দাসৰ সহযোগত চলোৱা হৈছিল এই অভিযান।