৫ ৰাজ্য বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে। ৰন্ধন গেছৰ পিছত এইবাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰিব পাৰে পেট্ৰ’ল আৰু ডিজেলৰো দাম। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব বুলি কয়। অৱশ্যে কেন্দ্রৰ হৈ কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ আশ্বাস মন্ত্রীগৰাকীয়ে দিয়া নাই৷
পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যসমূহে যোৱা বছৰ আৰু ২০২১ চনত নিজাববীয়াকৈ শুল্ক হ্ৰাস কৰিছে। ফলত পেট্ৰ’ল-ডিজেলৰ মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। এতিয়া মই এবিজেপি ৰাজ্যক ক’ম, কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যই দেখুওৱা পথ অনুসৰণ কৰক। অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ উদ্যোগ ল’ব লাগিব। কেন্দ্রীয় পর্যায়ৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ কোনো ইংগিত পোৱা নাই৷
দৰাচলতে যোৱা কেইবছৰমানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। এবছৰৰ পূৰ্বে প্ৰতি বেৰেলত ১২০-৩০ ডলাৰ হোৱা খাৰুৱা তেলৰ মূল্য এতিয়া ৭০-৮০ ডলাৰলৈ হ্ৰাস পাইছে। শেহতীয়াকৈ ভাৰতলৈ অহা খাৰুৱা তেলৰ ৪৫ শতাংশ ৰাছিয়াৰ পৰা সস্তাতে আমদানি কৰা হৈছে। কিন্তু ইয়াৰ পিছতো দেশৰ বজাৰত তেলৰ মূল্য হ্ৰাস পোৱা নাই। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ মূল্য সুস্থিৰ স্থানত উপনীত হৈছে। এই স্থিতি বজাই ৰাখিলে আগন্তুক দিনত মূল্য হ্ৰাস কৰা সম্ভৱ হ’ব।
তাৎপৰ্যপূৰ্ণভাৱে কেইবছৰমানৰ আগতে কেন্দ্ৰই বহু শুল্ক একেলগে হ্ৰাস কৰিছিল। সেই সময়ত পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টাকা শুল্ক হ্ৰাস কৰা হৈছিল। তাৰ পিছত এবছৰলৈকে পেট্ৰ’লৰ দাম কমি যোৱা নাছিল। ইমান বৃদ্ধি হোৱা নাছিল। চৰকাৰৰ ভাল নীতিৰ বাবেই এনে হৈছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।
