ষ্টাফৰিপৰ্টাৰ, ১৯ জুন : ৰাজ্যত শেহতীয়াকৈ সংঘটিত কেইটামান ঘটনা সম্পৰ্কত কৰ’না সন্ত্ৰাসৰ মাজতে প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী ক্লাৱৰ ৰটাৰীত দুঘন্টাৰ বাবে
কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ সন্মিলিত সংগ্ৰাম পৰিষদে গ্ৰহণ কৰে। পৰিষদৰ মূল দাবী সমুহ হ’ল যোৰহাট বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত দাবী, নুনমাটিৰ ৰিতুপৰ্ণ পেগু, ডিমাহাচাওৰ সন্তোষ হোজাই,, হাজোৰ সনাতন ডেকা, চাবুৱাৰ পৰাগজ্যোতি নেওগ, নকছাৰীৰ দেৱাশীষজ্যোতি গগৈৰ হত্যাকাণ্ডৰ বিচাৰ শিঘ্ৰে সম্পন্ন কৰাৰ দাবী,
৩- বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডৰ দোষীক শাস্তি আৰু ক্ষতিগ্ৰস্তক পৰ্যাপ্ত ক্ষতিপূৰন দাবী, ডিব্ৰু চৈখোৱা, দিহিং পাটকাইৰ সুৰক্ষা আৰু কয়লাৰ মুক্ত খনন বন্ধ কৰাৰ দাবী, ‘কা’-ৰ বিৰোধী আন্দোলনত জড়িত হৈ থকাৰ বাবেই দিল্লীৰ অধ্যয়নৰত অসমৰ ছাত্ৰী দেৱাংগনা কলিতা, অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ মুক্তিৰ দাবী জনায়।
