সন্ধিয়া ৬.৩০ বজালৈকে চলিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

149

গুৱাহাটীঃ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ স্থিৰ অৱস্থাত থকাৰ বাবে কামৰূপ মেট্ৰ’ জিলা দণ্ডাধীশে সোমবাৰে সন্ধিয়া ৬.৩০ বজালৈকে কেৱল দিনৰ বাবেহে ফেৰী সেৱা আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে।

৪ জুলাইৰ এক নিৰ্দেশনাত জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝাই সন্ধিয়া ৬.৩০ বজা পৰ্যন্ত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা চলাচলৰ অনুমতি প্ৰদান কৰিছে।

কিন্তু নদীৰ অধিক সোঁতৰ কথা বিবেচনা কৰি সকলো ধৰণৰ নৈশ ফেৰী সেৱা ইয়াৰ দ্বাৰা স্থগিত ৰখা হৈছে।

ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ মাজতে শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট সময়ৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছিল।