সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে জড়িত থকাৰ সন্দেহত বাংলাদেশী নাগৰিকসহ ৫ জনক গ্ৰেপ্তাৰ

75

পাক সমৰ্থিত আল কায়দাৰে সৈতে সম্পৰ্ক থকাৰ অভিযোগত অসম আৰক্ষীয়ে বৰপেটা জিলাৰ পৰা এজন বাংলাদেশী নাগৰিসহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এই কথা জানিবলৈ দিছে।

ৰাজ্যৰ আৰক্ষীৰ বিশেষ শাখাৰ এক চোৰাংচোৱা প্ৰতিবেদনৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে হাউলি আৰু কালগচিয়া আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মঃ সুমন ওৰফে চাইফুল ইছলাম বুলি চিনাক্ত কৰা বাংলাদেশী নাগৰিকজনে বৰপেটাক আল কায়দাৰ বাবে জেহাদী কামৰ আধাৰ হিচাপে বিকশিত কৰাৰ বাবে আন চাৰিজনক শিক্ষা প্ৰদান কৰিছিল।

ধৃত লোক কেইজনৰ পৰা বিভিন্ন নথিপত্ৰ আৰু ইলেক্ট্ৰনিক সঁজুলি উদ্ধাৰ কৰা হৈছে।