সন্ত্ৰাসবাদীৰ সন্দেহত বৰপেটাত দুজনক আটক

139

মঙলবাৰে বৰপেটা জিলাত বাংলাদেশৰ আল-কায়েদাৰ নেটৱৰ্কৰ সৈতে সম্পৰ্ক থকা দুজন সন্ত্ৰাসবাদীক আটক কৰা হৈছে।

খবৰ অনুসৰি, দেওবাৰে নিশা গৰেমাৰী পথাৰৰ পৰা এজন সন্ত্ৰাসবাদীক আটক কৰাৰ লগতে মঙলবাৰে পুৱা কলগাছিয়া অঞ্চলৰ এখন গাঁৱৰ পৰা আনজনক আটক কৰা হয়।

অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে সোমবাৰে প্ৰকাশ কৰিছিল যে মৰিগাঁও, গোৱালপাৰা, গুৱাহাটী আৰু বৰপেটাত বাংলাদেশস্থিত সন্ত্ৰাসবাদী সংগঠন আনছাৰুল বাংলা টীম (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে, যোৱা ৫ দিনত গ্ৰেপ্তাৰ হোৱা সকলো অভিযুক্ত এবিটি সদস্যক জেৰা কৰিবলৈ মঙলবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা দলে বৰপেটাত উপস্থিত হয়।

বৰ্তমান আটাইকেইজন লোক আৰক্ষীৰ জিম্মাত আছে। ইফালে, তদন্ত অব্যাহত আছে।