সন্তোষজনক ফ্লীট ব্যৱস্থাপনৰ অৰ্থে টাটা মটৰ্ছৰ ফ্লীট এডজ পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল সমাধানৰ প্ৰৱৰ্তন

80

ষ্টাফৰিপ’ৰ্টাৰ, ভাৰতৰ শীৰ্ষস্থানীয় বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে সোমবাৰে টাটা মটৰ্ছ ফ্লীট মেনেজমেণ্ট- এটা পৰৱৰ্তী প্ৰজন্মৰ সংযোজিত ফেহিকল চলুচন যিয়ে সিদ্ধান্ত গ্ৰহণৰ অৱগতকৰণৰ জৰিয়তে ফ্লীট ব্যৱস্থাপনা সক্ষম কৰি তোলাৰ শুভৰাম্ভণি কৰাৰ কথা ঘোষণা কৰে। ২০১২ ৰ পৰাই ইয়াৰ বাহনত টেলিমেটিক্স সমাধান আগবঢ়োৱাৰ জৰিয়তে টাটা মটৰ্ছে শীৰ্ষস্থান দখল কৰি আহিছে। আজি, ২,০০,০০০ ৰো অধিক টাটা মটৰ্ছৰ মজলীয়া আৰু গুৰু বাণিজ্যিক বাহনত ফেক্টৰীয়ে সংযুক্ত কৰা টেলিমেটেক্স ইউনিত ব্যৱহাৰ হৈ আছে। ফ্লীট এডজৰ প্ৰৱৰ্তনৰ জৰিয়তে টাটা মটৰ্ছে সংযোজিত ভেহিকল চলুচনটোক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব খুজিছে। যাৰ দ্বাৰা টেলিমেটিক্স কনট্ৰল ইউনিটিৰ জৰিয়তে বৃহৎ পৰিমাণৰ তথ্য আহৰণ সম্ভৱপৰ হৈ উঠিব। ফ্লীট এডজৰ ক্ষমতা সন্দৰ্ভত টাটা মটৰ্ছৰ কমাৰ্ছিয়েল ভেহিকল বিজনেছ উইনিটৰ অধ্যক্ষ গিৰীশ ৱাঘে কয়”- যাত্ৰী আৰু দ্রব্য উভয় পৰিবহণকে ডিজিটেল প্ৰযুক্তি আৰু সংযোগ সমাধানে ক্ষীপ্ৰতাৰে ৰূপান্তৰ সাধন কৰিছে। এতিয়াৰে পৰা গুৰুত্বপূৰ্ণ তথ্য বাহনে টেলিমেটিক্স ইউনিটৰ জৰিয়তে প্ৰেৰিত কৰিব পৰাটোৱে সমগ্ৰ সৰবৰাহ শৃংখলটোতে বহু নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিলে। ফ্লীট এডজৰ জৰিয়তে আমি গ্ৰাহকক তেওঁলোক ফ্লীট আৰু মূল ভূ-খণ্ডৰ পৰা তেওঁলোক দূৰত থকা সময়তো তেওঁলোকৰ অভিযান সন্দৰ্ভত অধিক তথ্য আৰু বৃহত্তৰ নিয়ন্ত্ৰণৰ সুবিধা প্ৰদানৰে নতুন বেঞ্চমাৰ্ক স্থাপন কৰিলোঁ। আমি বাহনৰ পৰা তথ্য সংগ্ৰহ কৰো আৰু আমাৰ গ্ৰাহক সকলক তেওঁলোকৰ অভিযানৰ অগ্ৰগতিত সহায়ক হোৱাকৈ ইয়াক ব্যৱহাৰ কৰো। আমি যিমানেই সুবিধা আগবঢ়াম সিমানেই ফ্লীট প্ৰদৰ্শনৰ উৎকৃষ্ট সাধন আৰু ব্যয় হ্ৰাসৰে অধিক সক্ষম হৈ উঠিব”। এই ফ্লীট সমাধান টাটা মটৰ্ছৰ ট্ৰাক আৰু বাছকে ধৰি সমগ্ৰ গুৰু আৰু বাণিজ্যিক বাহন BSVI ৰ সকলোবোৰ ফ্লীট চাইজৰ ক্ষেত্ৰতে উপযোগী আৰু লাভজনক তথা উপলব্ধ। I&LCV আৰু SCV মডেলৰ কেইটামান নিৰ্বাচিত ৰেঞ্জৰ ক্ষেত্ৰতো ই উপলব্ধ। টাটা মটৰ্ছৰ BSVI ৰেঞ্জৰ শেহতীয়া স্থায়ী ছিম সংযোজিত ব্যৱস্থাই ট্ৰাকসমূহক সংযোজিত কৰে।