সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিৰ মাস্ক’ ছেনিটাইজাৰ বিতৰণ

63

ষ্টাফৰিপৰ্টাৰ, ১০ জুন : কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ হলে মাস্ক’ ছেনিটাইজাৰ অতিকৈ আৱশ্যকীয় সামগ্ৰী হিচাপে পৰিগণিত হৈছে ৷ বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে এই দুই সামগ্ৰী জনসাধাৰণৰ সুবিধাৰ বাবে ইতিমধ্যে বিনামুলীয়াকৈ বিতৰণ কৰি আহিছে ৷ এই ক্ষেত্ৰত সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিয়ে বুধবাৰে চাংসাৰীস্থিত গোপেশ্বৰ দেৱালয়ত ভক্তৰ সুবিধাৰ্থে এক ৰাজহুৱা ছেনিটাইজাৰ মেচিন প্ৰদান কৰে। লগতে পুৰোহিত আৰু দৰ্শনাৰ্থীৰ মাজত প্ৰায় তিনি শতাধিক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৷ ইয়াৰ উপৰিও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে পদপথত থকা ব্যক্তি সকলৰ মাজত মাস্ক’ ছেনিটাইজাৰ বিতৰণ কৰে ৷ সামগ্ৰী বিতৰণ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, কাৰ্য্যকৰী সভাপতি দেৱশিষ সেন গুপ্তা, সাধাৰণ সম্পাদক ৰাজীৱ দাস উপস্থিত থাকে ৷ উল্লেখ্য সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিয়ে গোপেশ্বৰ দেৱালয়ত ৰাজহুৱা ছেনিটাইজাৰ মেচিন প্ৰদান কৰাৰ বাবে মন্দিৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ৷