ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল : শ্ৰী শ্ৰী দেৱদামোদৰ দেৱৰ ৪৩২ সংখ্যক তিৰোভাৱ তিথি এইবাৰ দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই সদৌ অসম দেৱদামোদৰ সংঘই এই তিথি ৰাজহুৱা ভাৱে পালন কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। লগতে প্ৰতিজন শিষ্য, ভক্তপ্রাণ ৰাইজক গুৰুজনাৰ তিৰোভাৱ তিথি ৰাজহুৱা ভাৱে পালন নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্রতিঘৰে চাকি জ্বলাই আৰু এখন শৰাই আগবঢ়াবলৈ এক বিবৃতি যোগে আহ্বান জনাইছে সদৌ অসম দেৱদামোদৰ সংঘৰ প্ৰধান সম্পাদক কনকেশ্বৰ গোস্বামীয়ে।