বিশেষ অধিৱেশনৰ আৰম্ভণিৰ ভাষণত নেহৰুৰ নাম উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুৰণি সংসদ সদস্যসকলক স্মৰণ কৰাৰ সময়তে মোদীৰ মুখত শুনা গল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ মন্ত্ৰীসভাৰ প্ৰশংসা। নেহৰুৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ভাষণত লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁৰ মতে, পুৰণি সংসদ ভৱনতো বহু শোকৰ সাক্ষী হৈছে। উদাহৰণস্বৰূপে, এই সংসদ ভৱনে তেওঁলোকৰ কাৰ্যকালত তিনিজন প্ৰধানমন্ত্ৰী হেৰুৱাইছিল।
ভাষণৰ আৰম্ভণিতে মোদীয়ে জি-২০ সন্মিলনৰ সফলতাৰ ওপৰত আলোকপাত কৰে। তেওঁৰ ভাষাত “এয়া কোনো দলৰ সফলতা নহয়, দেশৰ সফলতা।” চন্দ্ৰযান ৩ৰ ঐতিহাসিক অভিযানৰ বিষয়ে কৈ মোদীয়ে ভাৰতীয় বিজ্ঞানী আৰু ইছৰোক অভিনন্দন জনায়। ইয়াৰ পিছত তেওঁ সংসদক স্মৰণ কৰে। তেতিয়াই মোডীৰ মুখত নেহৰুৰ প্ৰশংসাৰ সাক্ষী হয় নতুন সংসদ ভৱন। যিটো সততে দেখা নাযায়। প্ৰধানমন্ত্ৰীয়ে প্ৰায় আঠ দশক ধৰি পুৰণি সংসদ ভৱনৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, “নেহৰুজীৰ মাজনিশাৰ ভাষণে আমাক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব। এই সদনতেই অটল বিহাৰী বাজপেয়ীয়ে কৈছিল, চৰকাৰ আহিব আৰু যাব, কিন্তু এইখন দেশ থাকিব।”
নেহৰুৰ কেবিনেটকো প্ৰশংসা কৰে মোদীয়ে। এই সংসদ ভৱনে তেওঁলোকৰ কাৰ্যকালত তিনিজন প্ৰধানমন্ত্ৰী হেৰুৱাই পেলোৱাত তেওঁ দুখ প্ৰকাশ কৰে। প্ৰত্যেকৰে নেতৃত্বত আছিল এখন কংগ্ৰেছ চৰকাৰ। ক্ৰমে জৱাহৰলাল নেহৰু, লালাবাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধী। আজিৰ দিনটোতে পি ভি নৰসিংহ ৰাও প্ৰশংসাৰে ভৰি পৰে। তেওঁৰ মতে অগুন্তী সংসদ সদস্যৰ অৱদানেৰে এই দেশ গঢ়া হৈছে। যিটো ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱ।
সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ বাহিৰত থিয় হৈ পাঁচ মিনিট সময় কথা কয়। তেওঁৰ ভাষণত কেইবাটাও বিষয়ৰ উন্মেষ ঘটিল। মোদীয়ে কয়, ‘এই বিশেষ অধিবেশন দীঘলীয়া হ’ব পাৰে। কিন্তু এই বিশেষ অধিবেশনৰ গুৰুত্ব অপৰিসীম। কাৰণ এই অধিবেশনত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ব। প্ৰসংগক্ৰমে জনা যায় যে চলিত অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিধেয়ক আলোচনা হ’ব পাৰে। ইয়াৰ উপৰিও নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছে।
