সদনত আজি উত্থাপন হব’এক ৰাষ্ট্ৰ এক নিৰ্বাচন’

21

আজি সদনত উত্থাপন হ’ব ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক, হুইপ জাৰি বিজেপি সাংসদক।
‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ৰ অৰ্থ হৈছে এটা সময়তে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা। সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।বিধেয়কখন উপস্থাপন আৰু বিতং আলোচনাৰ বাবে জেপিচি (সংযুক্ত সংসদীয় সমিতি) লৈ প্ৰেৰণ কৰিব পাৰে। অনুমান কৰা হৈছে যে, কাইলৈ জেপিচি গঠন হ’ব য’ত বিজেপি-কংগ্ৰেছকে ধৰি সকলো দলৰ সদস্যৰ নামো ঘোষণা কৰা হ’ব। জানিব পৰা মতে এ’এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত বিজেপিয়ে প্ৰতিটো মিত্ৰ দলৰ সৈতে আলোচনা কৰিছে আৰু প্ৰায় সকলো দলেই ইয়াৰ পক্ষত আছে। কেৱল বিৰোধী দলে ৰাজনৈতিক কাৰণত এই বিধেয়কৰ বিৰোধিতা কৰিছে।‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ৰ অৰ্থ হৈছে এটা সময়তে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা। সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।