সদনত অখিল গগৈক ‘জোকাৰ’ বুলিলে কোনে?

72

গুৱাহাটীঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। তৃতীয় দিনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ‘জোকাৰ’ বোলাৰ অভিযোগ উত্থাপন কৰি সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিৰোধীয়ে।

দৰাচলতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বিধায়ক মানৱ ডেকাই। তাৰ পিছতে অখিল গগৈ আৰু মানৱ ডেকাৰ মাজত কথাৰ কটাকটি হয়। মানৱ ডেকাৰ অভিযোগৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে প্ৰশ্ন কৰে যে সদনৰ কোনটো নিয়ম মতে প্ৰশ্নোত্তৰ ৰাজহুৱা কৰিব নোৱাৰি?

ইফালে অখিল গগৈৰ মন্তব্যৰ পিছতে বিধায়কগৰাকীক কটাক্ষ কৰিবলৈ আৰম্ভ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। বিগত দুটা দিনৰ দৰেই পীয়ুষ হাজৰিকাই পুনৰ এবাৰ অখিল গগৈক সদনৰ বিষয়ে জ্ঞান নথকা বুলি কটাক্ষ কৰাৰ লগতে কয় যে অখিল গগৈ বাহিৰত ডাঙৰ মানুহ হব পাৰে, কিন্তু সদনত নহয়। সদনত এনেদৰে চলিব দিয়া নহব বুলিও হুংকাৰ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাক উভতি ধৰে অখিল গগৈয়ে। ‘সদন কেৱল শাসক পক্ষৰহে নেকি’ বুলি অখিল গগৈয়ে উভতি প্ৰশ্ন কৰাৰ পিছতে এইবাৰৰ গগৈক কটাক্ষ কৰিবলৈ ধৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই। অখিল গগৈক কটাক্ষ কৰিবলৈ গৈ জয়ন্ত মল্ল বৰুৱাই ‘এয়া আন্দোলনৰ স্থান নহয়, এইখন সদন বুলি’ মন্তবি কৰে।

আনহাতে অখিল গগৈ আৰু শাসক পক্ষৰ মাজত কথাৰ কটাকটি চলি থকাৰ মাজতে অখিল গগৈক কঠোৰ সমালোচনা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অধ্যক্ষ দৈমাৰীয়ে কয় ‘সদনৰ বাহিৰত যি ইচ্ছা ক’ব পাৰে, কিন্তু সদনত সকলোৱে আইন মতেই কথা ক’ব লাগিব।’

তাৰ পিছতে অখিল গগৈয়ে ‘মোক কিয় কথা কব নিদিব’ বুলি অধ্যক্ষক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ প্ৰত্যুত্তৰত অধ্যক্ষই কয় ‘কালি আপুনি বহুত সময় কথা কৈছে। আপোনাৰ সময়ত আপুনিও কথা ক’ব পাৰিব।’

অধ্যক্ষৰ মন্তব্যৰ পিছতে বিধানসভাত হাঁহিবলৈ আৰম্ভ কৰে একাংশ বিধায়কে। তাৰ মাজতে কোনোৱে অখিল গগৈক ‘জোকাৰ’ বুলি কোৱাৰ অভিযোগ উত্থাপন কৰে বিৰোধী বিধায়কে। কংগ্ৰেছ বিধায়ক ভৰত নৰহ আৰু ৰকিবুল হুছেইনে অখিল গগৈক ‘জোকাৰ’ বোলাৰ অভিযোগেৰে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অধ্যক্ষই ‘এই শব্দ সদনৰ ৰেকৰ্ডত নাযায়’ বুলি মন্তব্য কৰে। আনহাতে অখিল গগৈৰ কোনো কথা ৰেকৰ্ডত নাযায় বুলিও মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।