সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী শৃংখল চলিহাৰ…

81

গুৱাহাটীঃ সাম্প্ৰদায়িক মন্তব্যৰ বাবে বিতৰ্কৰ আওতাত সোমাই থকা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। সত্যৰঞ্জন বৰাক মানসিকভাৱে অসুস্থ আখ্যা দি শৃংখল চলিহাই কয়, “সত্য ৰঞ্জন বৰাৰ দৰে লোক সমাজৰ বাবে ক্ষতিকাৰক। চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা উচিত।”

তেওঁ লগতে কয় যে অসম চৰকাৰে শ্বহীদসকলৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল। তেন্তে বিতৰ্কিত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কিয় পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে শৃংখল চলিহাই।

শৃংখল চলিহাই লগতে বৰাকত অসমীয়া ভাষাত লিখা এখন হৰ্ডিঙত ক’লা ৰং সনা দুষ্কাৰ্যৰ সৈতে জড়িত সংগঠনটোক নিষিদ্ধ কৰাৰ দাবী জনায়।