সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ মহুৱা মৈত্ৰা…

188

তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মহুৱা মৈত্ৰাই সংসদৰ নিজৰ সদস্যপদ বাতিলৰ পিছতে দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ। তেওঁক বহিস্কাৰ কৰাৰ কৰ্তৃত্ব নৈতিকতা সমিতিৰ নাছিল বুলি যুক্তি দাঙি ধৰি ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন লোৱাৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই বুলি দাবী কৰিছে মহুৱাই। লগতে মৈত্ৰাই হিৰণানন্দনী আৰু তেওঁৰ প্ৰাক্তন সংগী জয় অনন্ত দেহাদ্ৰাইক ক্ৰছ-একজামিনেচন কৰিবলৈ নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰে।

মৈত্ৰাক অপসাৰণৰ বাবে পেনেলৰ পৰামৰ্শ হিৰণানন্দনীৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল য’ত তেওঁ আদানী গোটক লক্ষ্য কৰি প্ৰশ্ন কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। মৈত্ৰাই নিজৰ পক্ষ ৰক্ষা কৰি কয় যে তেওঁ নিজৰ কৰ্মচাৰীসকলক পৰ্টেলত তেওঁলোকৰ প্ৰশ্ন টাইপ কৰাত সহায় কৰিবলৈ লগ ইন পাছৱৰ্ড দিছিল। এইবোৰৰ বাহিৰেও মহুৱা মৈত্ৰাই শাসকীয় বিজেপিক সমালোচনা কৰি আগন্তুক তিনিটা দশকলৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাব বুলি প্ৰতিজ্ঞা কৰাৰ লগতে সংসদত সংখ্যালঘু আৰু মহিলাক প্ৰান্তীয়কৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

মহুৱা মৈত্ৰাৰ সৈতে হোৱা বৈঠকৰ পিছত নৱেম্বৰ মাহত নৈতিকতা সমিতিয়ে তেওঁক অপসাৰণ কৰাৰ পৰামৰ্শ দিছিল, য’ত তেওঁ পেনেলৰ মুৰব্বীগৰাকীক তেওঁক অনুপযুক্ত প্ৰশ্ন কৰা বুলি অভিযোগ কৰিছিল। ৮ ডিচেম্বৰত লোকসভাত পেনেলৰ প্ৰতিবেদন দাখিল কৰা হৈছিল আৰু সেইদিনা সংসদতো ইয়াৰ ওপৰত ভোটদান কৰা হৈছিল। বিশৃংখল ভোটদানৰ পিছতে মহুৱা মৈত্ৰাৰ সদস্যপদ বাতিল কৰা হয়।

বহিষ্কাৰৰ পিছত মৈত্ৰাই শাসকীয় বিজেপিক আক্ৰমণ কৰি আগন্তুক ৩০ বছৰলৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিম বুলি কয়। মৈত্ৰাই কয় যে সংসদত থিয় হৈ ৰমেশ বিধুৰীয়ে দনিশ আলীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল, বিজেপিৰ ৩০৩জন সাংসদৰ ভিতৰত এজনো মুছলমান সাংসদ নাই। বিধুৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও তেওঁ কয়। মৈত্ৰাই কয় যে আপুনি দানিশ আলীক গালি-গালাজ কৰে, আপুনি সংখ্যালঘুক ঘৃণা কৰে, আপুনি নাৰীক ঘৃণা কৰে, আপুনি নাৰী শক্তিক ঘৃণা কৰে।