সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ ‘অমৰ মৃতক দিৱস’ পালন

76

ষ্টাফৰিপৰ্টাৰ,
সংযুক্ত মুক্তি বাহিনী অসমে সোমবাৰে ‘অমৰ মৃতক দিৱস’ পালন কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে
সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ সভাপতি ডাঃ অভিজিত অসমে কয় ‘
অসমী আইৰ যি সকল বীৰ সন্তানে অসমত আজি আৰু কাইলৈৰ বাবে নিজৰ নিজৰ জীৱন দি ওপজা মাটিৰ সেৱা কৰি গ’ল সেই সকলৰ সন্মানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমাৰ সংগঠনৰ বাবে সোমবাৰৰ দিনটো গুৰুত্বপূৰ্ণ দিন।অমৰ মৃতক দিৱস’ দিনা আমি আমাৰ সংগঠনৰ শীর্ষতম নেতা-বিষয়াৰ পৰা কনিষ্ঠতম মুক্তি সেনানী গৰাকীলৈকে অমৰ মৃতক সকলৰ স্মৃতিত শিৰ-নত কৰি সন্মান জনাইছোঁ। সুৱঁৰিছোঁ সেই সকলৰ সাহসৰ কথা। প্ৰণিপাত জনাইছোঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা যুৱ অসম সন্তানৰ পিতৃ-মাতৃ আৰু পৰিয়াল বৰ্গলৈ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভয়ংকৰ প্ৰতাৰিত ‘ইয়াণ্ডাবু চুক্তি’ৰ দুই শতেক বছৰ হ’বলৈ মাথোঁ ৫ বছৰ আছে।
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেইদিনা পৰম বিশ্বাসঘাতকা আৰু প্ৰতাৰণা ৰে অসমৰ স্বাধীনতা বেলি মাৰ যোৱাইছিল। মাৰ যোৱা বেলি উদিত কৰিবলৈ আকৌ সুযোগ আহিব।’