শ্ৰী শ্ৰী ছত্ৰাকাৰ মংগলচণ্ডী দেৱালয়ৰ যজ্ঞ

114

ষ্টাফ ৰিপোৰ্টাৰ, ৪ মে’ : বিশ্বশান্তিৰ বাবে প্ৰতিবছৰে পালন কৰি অহা শ্ৰী শ্ৰী ছত্ৰাকাৰ দেৱালয়ৰ বাৰ্ষিক শ্ৰী শ্ৰী মংগলচণ্ডী যজ্ঞ এইবাৰ ১০, ১১ আৰু ১২ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বতৰ্মানৰ পৰিস্থিতিৰ বাবে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি এই যজ্ঞ ভাগ স্থগিত ৰখা হৈছে। দেশৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিলে শুভ মঙলবাৰ এদিনত সকলো ভক্তৰ সহযোগিতাত এই যজ্ঞ এভাগ অনুষ্ঠিত কৰা হ’ব বুলি দেৱালয় পৰিচালনা সমিতিয়ে এক বিবৃতি প্ৰকাশ কৰে।