শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক

6

শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক।উল্লেখযোগ্য যে গোসাঁইগাঁও মহকুমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰত যোৱা নিশা হঠাৎ দপ দপকৈ জ্বলি উঠিল এখন মালবাহী ট্ৰাক।ট্ৰাকখনৰ নম্বৰ WB 69 A 5833, গাড়ীখন বংগ অভিমুখে গৈ থকা অৱস্থাত জুইৰ সূত্ৰপাত ঘটে। দৈবক্ৰমে চালক, সহ চালক ৰক্ষা পৰে। জুইয়ে ট্ৰাকখন আগুৰি ধৰে যদিও অৱশেষত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।