শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা ভাৰতৰ ২২ গৰাকী মাছমৰীয়াক মুকলি..

298

তামিলনাডুত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ উদ্যোগত শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা ভাৰতৰ ২২জন মাছমৰীয়াক মুকলি কৰি দিয়া হয়। এইসকল মাছমৰীয়াই আজি চেন্নাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে আজি ৰামেশ্বৰমত সীতাৰমণক মাছমৰীয়া আৰু শ্ৰীলংকাৰ নৌসেনাৰ মাজত হোৱা সমস্যাৰ বিষয়ে অৱগত কৰা হয়। শ্ৰীলংকাৰ নৌসেনাই জব্দ কৰা নাও আৰু জব্দ কৰা এশ তেত্ৰিশখন নাওৰ ক্ষতিপূৰণ সন্দৰ্ভত মাছমৰীয়াসকলে তেওঁক স্মাৰক পত্ৰ প্ৰদান কৰে।

এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বিত্তমন্ত্ৰীয়ে শ্ৰীলংকাৰ উপ-উচ্চায়ুক্তৰ সৈতে কথা পাতি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। এই সন্দৰ্ভত শ্ৰীলংকাৰ বিষয়াসকলৰ সৈতেও তেওঁ বাৰ্তালাপ কৰে।