কামৰূপ (মহানগৰ) জিলা প্ৰশাসন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।
কামৰূপ (ম) জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে এক আদেশত উল্লেখ কৰিছে যে অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম-৩২৬ (খ)ৰ অধীনত ২০২৩ চনৰ ২৪ ছেপ্টেম্বৰক ‘ড্ৰাই ডে’ হিচাপে গণ্য কৰা হ’ব।
সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ ক্লাব ‘অন’ আৰু কান্ট্ৰী স্পিৰিট শ্বপকে ধৰি সকলো পাইকাৰী/বণ্ডেড ৱেৰহাউছ, কম্পোজিট লাইচেন্স/মাইক্ৰ’ব্ৰুৱেৰী লাইচেন্স, আইএমএফএল/বিয়েৰ ৰিটেইলছ ‘অফ’ আৰু ‘অন’ দোকান বন্ধ থাকিব।
নিৰ্দেশত লগতে কোৱা হৈছে, ‘অসম আবকাৰী আইন আৰু নিয়মৰ প্ৰাসংগিক বিধান অনুসৰি যিকোনো আদেশ উলংঘা কৰিলে শাস্তিমূলক ব্যৱস্থা আকৰ্ষণ হ’ব।’
