শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দৌলযাত্ৰা মহোৎসৱ আৰম্ভ

73

“ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ-ৰংপুৰ অভিমুখে আমি আগুৱাও, যত যি ৰং পাঁও মোনাত ভৰাও-সেই ৰং পৃথিৱীলৈ আমি ছটিয়াও…”৷ মৌ বৰষা কণ্ঠৰ অধিকাৰী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই সম্ভৱতঃ গুৰুজনাৰ ইতিহাস বিজড়িত জন্মভূমি বৰদোৱাক কেন্দ্ৰ কৰিয়েই ৰঙৰ উছৱ ফাকুৱাক লৈ এইদৰে কণ্ঠ নিগৰাইছিল ৷ হয় ফাকুৱা মানেই ৰং-আনন্দৰ সমাহাৰ৷ নীলা, ৰঙা, বগা, সেউজীয়া, গোলপীয়া….কত যে কিমান ৰঙৰ সমাহাৰ ঘটে এই ফল্গোৎসৱত৷ তাতে আকৌ মন-প্ৰাণ উতলা কৰা ফাগুণ৷ এই ফাগুনেই ডেকা-গাভৰুৰ মন চঞ্চল কৰি আনে উদ্দীপনাৰ বতৰ৷

ফাগুন আৰু ফাকুৱা-যেন এৰাব নোৱাৰা এক মিলনমালা৷ এই মিলনৰ বৈভৱ দাঙি ধৰি বৃহত্তৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁৱৰ বৰদোৱা (আলিপুখুৰী)ৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও শনিবাৰৰ পৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱটি আড়ম্বৰপূৰ্ণভাবে শুভাৰম্ভ হৈছে৷ স্মৰ্তব্য যে, ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত ‘গুৰুচৰিত’ত উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে মাত্ৰ একৈছ বছৰ বয়সতে বৰদোৱা সত্ৰত পোনপ্ৰথমে দৌল উৎসৱ আৰম্ভ কৰিছিল৷

বহু বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰি থৈ যোৱা কীৰ্তন ঘৰক কেন্দ্ৰ কৰিয়েই বৰ্তমানৰ আকৰ্ষনীয় পৰ্যটনথলীলৈ ৰূপান্তৰিত হোৱা বটদ্ৰৱা থানত প্ৰতি বছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে জাকজমককৈ উদযাপন কৰি অহা এই দৌলোৎসৱ অসমৰ জনজীৱনৰো এক অংগ হৈ পৰিছে৷ সম্প্ৰতি বিধান সভা নিৰ্বাচনৰ উখল-মাখল পৰিবেশৰ মাজতে এই উৎসৱ উপলক্ষ্যে সমগ্ৰ বৰদোৱা অঞ্চলত উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ কাৰ্যসূচী অনুসৰি শনিবাৰে গন্ধ উৎসৱ পালন কৰা হয়৷

পূৰ্ব পৰম্পৰা তথা আচাৰ-ৰীতিক সাৰোগত কৰি পালিত এই উৎসৱ উপলক্ষ্যে পুৱা ৫ বজাৰ পৰা একাদিক্ৰমে তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, ভকতৰ নাম, ভাগৱত পাঠ, গুণমালা, ভটিমা প্ৰসংগ আদিৰ সমাপ্তিত বিয়লি গায়ন-বায়নৰ দ্বাৰা সম্পূৰ্ণ আধ্যাত্মক পৰিবেশত শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ(গোঁসাই)ক কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি স্নান কাৰ্য সম্পাদন কৰি পবিত্ৰ আকাশী গংগাৰ তীৰত গন্ধ ঘৰ পোৰা উৎসৱ পালন কৰাৰ পিছত গোঁসাইক ৰভাতলত স্থাপন কৰা হয় আৰু গায়ন-বায়নৰ দ্বাৰা ৰাম-ধেমালি গীত পৰিবেশন কৰা হয়৷

পৰৱৰ্তী পৰ্যায়ত গোঁসাইক গন্ধ তেলেৰে নোৱাই-ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰোৱাই গন্ধ উৎসৱ সম্পন্ন কৰা হয়৷ দেওঁবাৰে পুৱাৰ ভাগত নিত্য-নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পিছত দুপৰীয়া গায়ন-বায়নৰ দ্বাৰা ন-ধেমালিৰ মাজেৰে গীত পৰিবেশন আৰু গোঁসাই পূজাৰ অন্তত গোঁসাই মূৰত ফাকু দিয়া উৎসৱ পালন কৰা হ’ব৷