শ্ৰীনগৰৰ লালবজাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক

209

চলিত অমৰনাথ যাত্ৰা বাবে স্থাপন কৰা বহুস্তৰীয় নিৰাপত্তা বেস্তনীৰ মাজতে শ্ৰীনগৰৰ লালবজাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হয় আন দুগৰাকী আৰক্ষী।

বাতৰি অনুসৰি, মঙলবাৰে সন্ধিয়া শ্ৰীনগৰৰ লালবজাৰৰ জি ডি গোয়েঙ্কা পাব্লিক স্কুল এলেকাৰ সমীপত আৰক্ষীৰ এটা দলে অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে আৰক্ষীলৈ লক্ষ্য কৰি আকস্মিক গুলীবৰ্ষণ কৰে। যাৰ ফলত ঘটনাস্থলীতে শ্বহীদ হয় এএছআই মুস্তাক আহমেদ। ইফালে এই আক্ৰমণৰ ঘটনাত হেড কনিষ্টবল ফৈয়াজ আহমেদ আৰু বিশেষ আৰক্ষী বিষয়া আবু বাকাৰৰো গাত গুলী লাগি গুৰুতৰভাৱে আহত হয়।

ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু পিডিপিৰ প্ৰধান মেহবুবা মুফতীয়ে আৰক্ষী বিষয়াৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা জনায় আৰু টুইটযোগে শ্বহীদ আৰক্ষী বিষয়াগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।