শ্ৰীনগৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ২ সন্ত্ৰাসবাদী নিহত

85

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা সেনাৰ অভিযানত ২ সন্ত্ৰাসবাদী নিহত হয়।

জানিব পৰা মতে, অঞ্চলটোত এটা সন্ত্ৰাসবাদী দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে অভিযান চলাইছিল ভাৰতীয় সেনাই। এই অভিযানকালত সেনালৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলটোৱে গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰত সেনায়ো গুলীবৰ্ষণ কৰে। যাৰ পৰিপ্ৰেক্ষিতত দুজন সন্ত্ৰাসবাদী নিহত হয় যদিও বাকী কেইজন পলায়ন কৰিবলৈ সক্ষম হয়।

সেনাই অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়াও অভিযান অব্যাহত ৰাখিছে। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা মৰাণাস্ত্ৰ উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই।