শ্ৰমিক নেতা খুৰচিদ আলমৰ আকস্মিক মৃত্যু

89

ৰক্তচাপ জনিত কাৰণত আজি পুৱা নলবাৰীৰ আল্লিয়াৰ বাসভৱনত আকস্মিকভাৱে মৃত্যু হয়৷ মৃত্যুৰ সময়ত বয়স আছিল ৫৮ বছৰ৷ মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ পুত্ৰ আৰু দুই কন্যাক ইহসংসাৰত এৰি থৈ যায়৷ বিশিষ্ট সমাজকৰ্মী খুৰচিদ আলমৰ মৃত্যুত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰে৷ দীৰ্ঘকাল ধৰি অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল৷ ২০১৬ চনত নলবাৰী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ খুৰচিদ আলম নলবাৰীৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জৰিত আছিল৷