ষ্টাফৰিপোৰ্টাৰ, ২৮ এপ্ৰিল- এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নে অসমৰ সমূহ শ্ৰমজীৱি জনসাধাৰণলৈ ঐতিহাসিক মে’ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ হকে প্ৰাণ আহুতি দিয়া মহান ছহীদ সকলক শ্ৰদ্ধাৰে সোৱঁৰণ কৰিছে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্ত আৰু যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় “শ্ৰমিক শ্ৰেণীৰ ওপৰত চলি থকা শোষণ নিষ্পেষণৰ অৱসান ঘটাই এখন শোষণমুক্ত সমাজ ব্যাৱস্থা গঢ়ি তোলাই হৈছে মে’ দিৱস পালনৰ তাৎপৰ্য । বিজ্ঞপ্তিখনত কোৱা হয়, বৰ্তমান সময়ত চলি থকা লকডাউন শ্ৰমজীৱিসকলৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে । এই সময়চোৱাত সমগ্ৰ পৃথিৱীত কেবা লাখো অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকে চাকৰি হেৰুৱাইছে । ভাৰতবৰ্ষতো একেই ঘটনা ঘটি আছে । পদ বিলুপ্তিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামেও দেশবাসীক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিছে বুলি বিবৃতিটোত কোৱা হয় । এনে এক পৰিস্থিতিত ট্ৰেড ইউনিয়ন সমূহৰ দায়িত্ব আৰু গুৰুত্ব অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মজদুৰ ইউনিয়নৰ নেতা দুগৰাকীয়ে মে’ দিৱস পালনৰ জৰিয়তে শ্ৰমিক ঐক্যক অধিক শক্তিশালী কৰি তুলিলৈ আহ্বান জনায় । অৱশ্যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মে’ দিৱসৰ কাৰ্যসূচী স্থানীয় পুলিচ প্ৰশাসনৰ পৰা অনুমতি লৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰিবলৈ ইউনিয়নৰ শাখা সমুহলৈ আহ্বান জনায় । নেতাদ্বয়ে সাম্প্ৰতিক পৰিস্থিতিত কৰোণা ভাইৰাছ প্ৰতিহত কৰাৰ স্বাৰ্থত চৰকাৰক সহযোগিতা কৰিবলৈও ইউনিয়নৰ কৰ্মী সকললৈ আহ্বান জনায় ।