শ্রমিক নেতা ৰাখাল দাসগুপ্তৰ মৃত্যুত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ শোক, তিনিদিন অৰ্ধনমিত থাকিব পতাকা

177

গুৱাহাটী : ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন বিশিষ্ট শ্ৰমিক নেতা আৰু এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তৰ ২১ ডিচেম্বৰৰ নিশা আকস্মিক মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে ।

এক শোকবার্তাত এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কয় ৰাখাল দাসগুপ্ত এজন স্পষ্টবাদী আৰু আপোচহীন নেতা আছিল । আদর্শ ভিন্ন হলেও ৰেলৱেৰ শ্রমিক- কৰ্মচাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ সদায় এম্পলয়িজ ইউনিয়নকে ধৰি সকলো ট্ৰেড ইউনিয়নৰ সহায়- সহযোগিতাৰে একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । তেওঁৰ লগত একেলগে ৰেলৱে শ্ৰমিক-কৰ্মচাৰীৰ সমস্যা সমাধানৰ বাবে কাম কৰাৰ স্মৃতি ৰোমন্থন কৰি মুনীন্দ্ৰ শইকীয়াই তেওঁৰ মৃত্যুত এন এফ ৰেলৱেৰ ট্ৰেড ইউনিয়নত এক অপুৰণীয় ক্ষতি হোৱা বুলি ব্যক্ত কৰে আৰু বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

আনহাতে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্রচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ৰাখাল দাসগুপ্তৰ মৃত্যুত এম্পলয়িজ ইউনিয়নৰ সমূহ কৰ্মকর্তা- সদস্যই শোক প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ইউনিয়নে এক জৰুৰী সিদ্ধান্ত যোগে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আজিৰে পৰা এম্পলয়িজ ইউনিয়নৰ পতাকা তিনিদিনৰ বাবে অৰ্ধনমিত কৰি ৰাখিব ।