নিজ কন্যা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে। বিগত ৭ বছৰ ধৰি কাৰাবাস খাটি থকা অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক বুধবাৰে জামিন প্ৰদান কৰে সৰ্বোচ্ছ ন্যায়ালয়ে।
উল্লেখ্য যে, শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ২০১৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল মাতৃ ইন্দ্ৰাণী মুখাৰ্জীক। সেই সময়ত মিডিয়া কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যৰত হৈ থকা ইন্দ্ৰাণী মুখাৰ্জী তেতিয়াৰ পৰাই কাৰাবন্দী হৈ আছে। ইফালে ২০১৭ চনৰ এক গোচৰতো মুখাৰ্জীক অভিযুক্ত কৰা হৈছিল। অৱশ্যে সেই গোচৰতো জামিন লাভ কৰিছে ইন্দ্ৰাণীয়ে।
ইফালে শ্বীনা বৰা এতিয়াও জীয়াই থকা বুলি বিগত প্ৰায় এবছৰৰ পৰা দাবী কৰি আহিছে ইন্দ্ৰাণী মুখাৰ্জীয়ে।
