শ্বিলঙত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ভাৰতীয় সেনা বিষয়াৰ…

388

কৰ্তব্য সম্পাদন কৰি কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ভাৰতীয় সেনা বিষয়াৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় মেঘালয়ৰ ৰাজধানী শ্বিলঙত।

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাৰতীয় সেনা বিষয়াগৰাকীয়ে কাৰ্যালয়ৰ পৰা খোজ কাঢ়ি গৈ থকা সময়তে তেওঁক এখন স্কৰপিঅ’ বাহনে মহতিয়াই নিয়ে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সেনা বিষয়াগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

নিহত সেনা বিষয়াগৰাকীৰ পৰিচয় ৰাজস্থানৰ চুৰু জিলাৰ ঘনাউ সদুলপুৰ গাঁৱৰ নিৱাসী কৰ্ণেল ৰমেশ ৰাথোৰ বুলি জানিব পা গৈছে।

জানিব পৰা মতে, সেনা বিষয়াগৰাকী শ্বিলঙত ১২ আৰ্মড ৰেজিমেণ্টৰ কৰ্ণেল হিচাপে নিযুক্ত আছিল।

গুৱাহাটীৰ ডিফেন্স পি আৰ অ’ই জানিবলৈ দিয়া মতে, সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ ১৭ নৱেম্বৰত জয়পুৰলৈ লৈ যোৱা হ’ব। তাৰ পিছত ১৮ নৱেম্বৰত জন্ম গাঁও ঘনাউ সদুলপুৰত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।