মণিপুৰত উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি তেওঁৰ বাক্সাৰ নিজ বাসভৱনলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকূল পৰিবেশৰ। শ্বহীদ সুমনৰ নিজ গাঁও বাক্সা জিলাৰ থেকেৰাকুছিত শোকাকুল পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ জনতাই শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইফালে, স্বামীৰ মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তোলা শ্বহীদ পত্নী অসুস্থ হৈ পৰাত চিকিৎসা প্ৰদান কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়। বি টি আৰৰ প্ৰশাসন তথা বহু গণ্যমাণ্য ব্যক্তিয়েও জোৱানগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদ সুমন স্বৰ্গীয়াৰীলৈ সামৰিক অভিবাদন জনোৱাৰ পিছত আৰম্ভ কৰা হ’ব শেষকৃত্য অনুষ্ঠান।
উল্লেখ্য, মণিপুৰত শনিবাৰে অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণত শ্বহীদ হৈছিল অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰী। আজি পুৱাই শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হৈছিল। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সুমনে ২০১১ চনত সেনাত যোগদান কৰি ১০ বছৰ দেশৰ সেৱা আগবঢ়াই শ্বহীদ হয় শনিবাৰে পুৱা ১০ বজাত মণিপুৰৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত।