শৌচালয়ত উদ্ধাৰ যুৱকৰ মৃতদেহ

90

আমিনগাঁও তুলাৰাম বাফনা চিকিৎসালয়ৰ শৌচালয়ত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। শুকুৰবাৰে পুৱা চাফাই কর্মীয়ে শৌচালয়টোৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত খবৰ দিয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষক। চিকিৎসালয়ৰ কৰ্তৃপক্ষই উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অবগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা শৌচালয়টোৰ ভিতৰৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে যুৱকজনক সন্তোষ ৰয় বুলি চিনাক্ত কৰে। মৃত যুৱকজনৰ কাষৰ পৰা আৰক্ষীয়ে এটা নিচাযুক্ত সামগ্রীৰ কনটেইনাৰ জব্দ কৰে।