শোনিতপুৰ জিলাৰ চকীঘাটত ৰাজহ চক্ৰ বিষয়াক আক্ৰমণ কৰা ঘটনাক ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা

84

ষ্টাফৰিপৰ্টাৰ, শোনিতপুৰ জিলাৰ চকীঘাটত ৰাজহ চক্ৰ বিষয়াক আক্ৰমণ কৰা ঘটনাক ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰী সকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷ সভাপতি নুৰ ইছলামে প্ৰশ্ন উত্থাপন কৰি কয় যে চকীঘাটত সংঘটিত হোৱা ঘটনাটো কিয় সংগঠিত হবলৈ পালে৷ সভাপতি জনে কয় ‘বাতৰিত প্ৰকাশ পোৱা মতে অাৰু চতিয়াৰ বিধায়ক জনে কোৱা মতে জামুগুৰিহাটত উচ্ছেদ কৰা মানুহখিনি যদি সচাকৈয়ে বিদেশী নাগৰিক অৰ্থাৎ বাংলাদেশী নাগৰিকেই হয় তেনেহলে চৰকাৰে সেই লোক সকলক বাংলাদেশলৈ পঠোৱা নাই কিয় বা আইনী ব্যৱস্থা লোৱা নাই কিয়৷ শাসনাধিষ্ঠ বিধায়ক জনৰ প্ৰশাসনৰ আস্থা নাই নেকি যে দুই তিনি দহক ধৰি বসবাস কৰা গৰাখহনীয়াৰ কৱলত পৰি স্বৰ্বসান্ত হোৱা লোকসকলক উচ্ছেদ কৰাত বিধায়ক খুদ হাতে কামে লাগিব লগা হৈছে৷
দীৰ্ঘদিনীয়া বিদেশীৰ সমস্যা সমাধানৰ উদ্দেশ্য মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাম হল আৰু সম্পূৰ্ণ খচৰাওঁ প্ৰকাশ পাইছে তেনেক্ষেত্ৰত উচ্ছেদিত লোক সকলক কিহৰ ভিত্তিত সন্দেহযুক্ত নাগৰিক বুলি বাতৰি পৰিবেশন কৰা হৈছে নে সংখ্যালঘু হোৱাৰ বাবেই উদ্দেশ্য পৰ্ণদিত ভাবে সন্দেহযুক্ত নাগৰিকৰ লেবেল লগাই উচ্ছেদিত লোক সকলৰ হৈ যাতে কোনেওঁ মাতিব নোৱাৰে তাৰে আখৰা চলোৱা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে৷’