শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত হেণ্ড চেনিটাইজাৰ বিতৰণ

66

ষ্টাফৰিপোৰ্টাৰ, ৩০ এপ্ৰিল:: ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতি বাৰে বিশেষ তৎপৰতা আৰু সৌজন্যত অসম আৱকাৰী বিভাগৰ জৰিয়তে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত হেণ্ড চেনিটাইজাৰ বিতৰণ সম্পূৰ্ণ হয়৷ শোণিতপুৰ আৱকাৰী অধীক্ষক আৰু পৰিদৰ্শকে আজি ঢ়েকিয়াজুলী সমষ্টিৰ বিধায়ক অশোক সিংঘল , বৰছলা সমষ্টিৰ বিধায়ক গনেশ লিম্বু, ৰঙাপাৰা সমষ্টিৰ প্ৰয়াত বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ লগতে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত হেন্ড চেনিটাইজাৰ বিতৰন কৰে৷
স্বতব্য যে দেশৰ লগতে ৰাজ্য কভিড-১৯ মহামাৰীৰ লগত যুজি থাকোতেই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তাৎক্ষনিকভাৱে সুৰা উৎপাদক উদ্যোগ সমুহক অসমৰ সাধাৰণ ৰাইজৰ হকে হেন্ড চেনিটাইজাৰ প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিয়ে আৰু চেনিটাইজাৰ সমুহ বিতৰন কৰে৷আনহাতে বৃহস্পতিবাৰে বিধায়ক ক্ৰমে অশোক সিংহল, গনেশ লিম্বু আৰু প্ৰয়াত ৰাজেন বৰঠাকুৰ দেৱৰ জেষ্ঠ্য ভাতৃ জিতেন বৰঠাকুৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অসম আৱকাৰী বিভাগক প্ৰশংসাৰে উপচাই পেলায়।