শোণিতপুৰত ড্ৰাগছসহ দুজনক আটক

197

শোণিতপুৰ জিলাত মঙলবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক।

সূত্ৰ অনুসৰি অভিযুক্ত দুজন তেজপুৰৰ খানামুখৰ আছিকুল ইছলাম আৰু মানস আলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে তেওঁলোকৰ হাতত পৰা ড্ৰাগছসহ ১৬ টা কণ্টেইনাৰ জব্দ কৰে।

ইয়াৰ পূৰ্বে ৩ ছেপ্টেম্বৰত নগাঁৱত মাতৃ-পুত্ৰৰ যুটিক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্ত দুই স্কুটিত উঠি মিকিৰভেটালৈ গৈ থকা অৱস্থাত নগাঁৱৰ জাজৰী অঞ্চলত আৰক্ষীয়ে আটক কৰিছিল।