শোকাবহ! হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন ঘটি ভগৱান শিৱৰ মন্দিৰ খহি কৰুণ মৃত্যু ৯ জনৰ…

72

সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ শিমলাত এটা মন্দিৰ খহি পৰাৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ছামাৰ হিল অঞ্চলত ভূমিস্খলনৰ ফলত ভগৱান শিৱৰ মন্দিৰ ভাঙি পৰাত এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ২৫-৩০ জন লোক মন্দিৰত উপস্থিত আছিল। ৫ জন লোকক উদ্ধাৰ কৰাৰ লগতে আন কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বুলি আইএনএছৰ এজন আৰক্ষী বিষয়াই জনায়। সম্প্ৰতি এই স্থানত উদ্ধাৰ অভিযান চলি আছে।

মৃতকৰ সংখ্যা নিশ্চিত কৰি মুখ্যমন্ত্ৰী সুখবিন্দৰ সুখুৱে কয় যে এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আন এক ঘটনাত হিমাচল প্ৰদেশৰ সোলান জিলাৰ জাদন গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত এটা পৰিয়ালৰ ৭ জন সদস্যৰ মৃত্যু হোৱা বুলি সোমবাৰে আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰে। দেওবাৰে নিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণত দুটা ঘৰ উটুৱাই লৈ যায় আৰু ৬ জন লোকক উদ্ধাৰ কৰা হয়।

সোলনৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে জানিবলৈ দিয়া মতে, নিহত কেইজন হৈছে হৰনাম (৩৮), কমল কিশোৰ (৩৫), হেমলতা (৩৪), ৰাহুল (১৪), নেহা (১২), গোলু (৮) আৰু ৰক্ষা (১২)।

ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।