শোকাবহ! স্কুটী লৈ ক্লিনিকলৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু মহিলা চিকিৎসকৰ

70

মহাৰাষ্ট্ৰৰ পুনেৰ পিম্পৰিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এগৰাকী মহিলা চিকিৎসকৰ। পুনেৰ এখন ক্লিনিকত কৰ্মত কেৰালাৰ কাঝিকোডৰ নিৱাসী ডা০ জইছা (২৭) নামৰ মহিলা চিকিৎসকগৰাকীৰ মৃত্যু ঘটে দুৰ্ঘটনাত।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ঘৰত আহাৰ গ্ৰহণ কৰি স্কুটী লৈ চিকিৎসকগৰাকীয়ে ক্লিনিকলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে তেওঁক মহতিয়াই থৈ পলায়ন কৰে। এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ডা০ জইছাৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ট্ৰাক চালকজনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত চিকিৎসকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত প্ৰথমে পুনেৰ তেওঁৰ বাসগৃহলৈ নিয়া হয়। তাৰ পিছতে নশ্বৰ দেহ কেৰালাৰ কাঝিকোডৰ ঘৰলৈ লৈ যোৱা হয়।