শনিবাৰে ওদালগুৰি জিলাৰ মাজবাটত এজন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
মাজবাটৰ মুৰকাতিত সংঘটিত হয় এই শোকাবহ ঘটনা।
প্ৰাপ্ত খবৰ অনুসৰি ১১ হাজাৰ ভল্টৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে লোকজনৰ মৃত্যু হয়।
নিহত লোকজনৰ নাম ৰাম ওৰাং বুলি জানিব পৰা গৈছে।
ব্যক্তিজনে চাইকেল চলাই কৰ্মস্থলীলৈ গৈ থকা সময়তে আকস্মিকভাৱে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যুক সাৱটি লয়।