শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ২ ভাতৃৰ…

198

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা পঞ্জাৱৰ পাটিয়ালা-চমনা পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় দুই ভাতৃ।

নিহত দুজন চমনা ব্লকৰ মুৰাদপুৰা গাঁৱৰ বাসিন্দা যশপাল সিং আৰু চান্নী বুলি জানিব পৰা গৈছে।

নিশা প্ৰায় ১১ বজাত চোহাট গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

যশপাল আৰু চান্নীয়ে চাৰিজন সহযোগী গাঁৱৰ লোকৰ সৈতে যাতায়ত কৰা গাড়ীখনে পথত ৰখাই থোৱা এখন ট্ৰেক্টৰ-ট্ৰেইলাৰত খুন্দা মাৰে।

দুয়োজন ভাতৃৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বাকী চাৰিজন লোক আহত হয়।

আৰক্ষীয়ে ট্ৰেক্টৰ-ট্ৰেইলাৰখনৰ চালকজনৰ বিৰুদ্ধে আই পি চিৰ ২৮৩, ৩০৪-এ, ৩৩৭ আৰু ৪২৭ ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।

তদন্তকাৰী বিষয়া যছৱিন্দৰ সিঙে কয় যে, “ট্ৰেক্টৰ-ট্ৰেইলাৰখন ভুলকৈ পথত ৰখাই থোৱা হৈছিল।”