বিমান যাত্ৰাৰ সময়তে মধ্য আকাশত তেজ বমি কৰি মৃত্যুক সাৱটিলে এগৰাকী যাত্ৰীয়ে। জানিব পৰা মতে ৬২ বছৰীয়া ব্যক্তিজনে মুম্বাইৰ পৰা ৰাঁচী অভিমুখী বিমানখনত উঠিছিল। বিমানত তেওঁ অসুস্থ হৈ পৰে। বিমানখনে জৰুৰীকালীন অৱতৰণ কৰাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে যাত্ৰীজনক মৃত ঘোষণা কৰে। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে বিমানবন্দৰত হাৰ্ট এটেকত এজন পাইলটৰ মৃত্যু হৈছিল।
সূত্ৰ অনুসৰি মৃত যাত্ৰীজনৰ নাম দেৱানন্দ তিৱাৰী। ৬২ বছৰীয়া ব্যক্তিজনে মুম্বাইৰ পৰা ৰাঁচী অভিমুখী ইণ্ডিগো বিমানত উঠিছিল। সোমবাৰে নিশা প্ৰায় ৮ বজাত উৰা মাৰে বিমানখন। উৰণৰ পিছত হঠাৎ অসুস্থ হৈ পৰে দেৱানন্দ। তেওঁ কেইবাবাৰো তেজ বমি কৰিছিল। বাধ্য হৈ পাইলটে নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণৰ সিদ্ধান্ত লয়। সংকটজনক অৱস্থাত দেৱানন্দক বিমানখনৰ পৰা নমাই নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।
অৱশ্যে চিকিৎসালয়ৰ চিকিৎসকে দেৱানন্দক মৃত ঘোষণা কৰে। পিছত চিকিৎসালয়ৰ হৈ আইজাজ ছামীয়ে কয় যে দেৱানন্দ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ যক্ষ্মা ৰোগো আছিল। সেইবাবেই দেৱানন্দই বিমানত তেজ বমি কৰিছিল। কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে ইণ্ডিগোৰ এজন পাইলটৰ হঠাৎ মৃত্যু হৈছিল। নাগপুৰ বিমানবন্দৰত উৰণৰ ঠিক পূৰ্বে হাৰ্ট এটেকত আক্ৰান্ত হয়। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়।